শাক্যজিৎ ভট্টাচাৰ্য
১৯৮২ চনত জন্মগ্ৰহণ কৰা, পেছাত এজন পৰিসংখ্যাবিদ শাক্যজিৎ ভট্টাচাৰ্যই ২০০২ চনত মূলতঃ বাংলা লিটল মেগাজিনসমূহৰ জৰিয়তেই লেখক হিচাপে আত্মপ্ৰকাশ কৰে। বৰ্তমানলৈকে তেওঁ প্ৰায় ৪০ টা চুটিগল্প আৰু ৯ খন উপন্যাস ৰচনা কৰিছে। ‘এখানে ডেৰেক বোস আছে’, ‘একানড়ে’, ‘শেষ মৃত পাখি’ আৰু চুটিগল্পৰ সংকলন ‘ৰাক্ষসেৰ ঘৰবাৰী’ তেওঁৰ উল্লেখযোগ্য সৃষ্টি। কেথলিক কলা-সংস্কৃতিৰ লগতে ভৌতিক, ৰহস্যময়ী আৰু আপাতদৃষ্টিত অদ্ভুত বা বিচিত্ৰধৰ্মী সাহিত্যৰ ক্ষেত্ৰত তেওঁৰ বিশেষ পাৰদৰ্শিতা পৰিলক্ষণীয়। ‘কাণখোৱা’ শীৰ্ষক অসমীয়ালৈ সদ্য অনূদিত তেওঁৰ ‘একানড়ে’ গ্ৰন্থৰ ঋতুপৰ্ণা মুখাৰ্জীয়ে কৰা ইংৰাজী অনুবাদ The One Legged অধুনালুপ্ত, সন্মানীয় জে চি বি সাহিত্য পুৰস্কাৰৰ চূড়ান্ত পৰ্যায়ৰ তালিকাত মনোনীত হৈছিল।


Reviews
There are no reviews yet.